আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে এই দিৱস পালন কৰা হয়। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও, প্ৰকৃততে মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্যাপনৰ প্ৰধান লক্ষ্য়।
প্ৰতি বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰসংঘই নাৰী দিৱসকলৈ এক বিষয়বস্তু হাতত লৈছে। অৰ্থনৈতিক দিশত মোকাবিলা কৰাৰ ওপৰত গুৰুত্ব দি ৰাষ্ট্ৰসংঘই ২০২৪ বৰ্ষৰ নাৰী দিৱসৰ বিষয়বস্তু- ‘মহিলাত বিনিয়োগ: ত্বৰান্বিত প্ৰগতি’ হিচাপে মনোনীত কৰিছে, আনহাতে এই বছৰৰ বাবে প্ৰচাৰৰ বিষয়বস্তু হৈছে ‘অন্তৰ্ভুক্তিৰ অনুপ্ৰেৰণা।
নাৰী দিৱস উদ্যাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিক সকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। এই সন্মিলনতে প্ৰতি বছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।