আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ নামঘৰে নামঘৰে ব্যাপক আয়োজন। জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিবেশ। ভক্তি ৰসেৰে জীপাল হ’ব সত্ৰ-নামঘৰসমূহৰ চৌপাশ। সত্ৰ নগৰী বৰপেটাত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱ।