আজি মহা শিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা মহা শিৱৰাত্ৰী উদযাপন কৰা হয়। ৰাতিপুৱাৰে পৰা মহা প্ৰভু শিৱক আৰাধানাৰ বাবে মন্দিৰত ভিৰ লাগিছে অগণন ভক্তৰ। মহা শিৱৰাত্ৰী আৰম্ভ হব ৮ মাৰ্চৰ নিশা ৯.৫৭ বজাৰ পৰা আৰু ৯ মাৰ্চৰ সন্ধিয়া ৬.১৭ বজাত শেষ হ’ব। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আজি সমগ্ৰ দেশতে উদযাপন হ’ব শিৱৰাত্ৰী। মহা শিৱৰাত্ৰী উপলক্ষে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে শিৱ পূজাৰ আয়োজন কৰা হৈছে।
উল্লেখ্য যে, হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰী আয়োজন কৰা হয়। হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আঁৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰে।
উল্লেখ্য যে, কিছু সংখ্যক যোগীৰ মতে, শিৱৰাত্ৰীৰ দিনাই শিৱই হলাহল পান কৰি ৰক্ষা কৰিছিল পৃথিৱী। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পূৰাণত মহা শিৱৰাত্ৰীৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত শিৱৰাত্ৰীৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ আছে।