আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী। বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে সমাধিস্থলীত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখ্য যে, স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে, তাৰপাছত ১৯৯৮ – ১৯৯৯ চনত ১৩ মাহৰ বাবে আৰু শেষত ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নিকা ভাৱমূৰ্তিৰ বাবে তেওঁ সকলোৰে প্ৰিয়ভাজন আছিল। ২০১৮ চনৰ ১৬ আগষ্টত তেখেতে মৃত্যুবৰণ কৰে।