আজি মহাবীৰ চিলাৰায়ৰ জন্ম দিৱস। চিলাৰায়ৰ জন্ম ১৫১০ চনত আৰু মৃত্যু হৈছিল ১৫৭১ চনত। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে পিচলৈ তেওঁৰ নাম হৈ পৰিছিল বীৰ চিলাৰায়। তেওঁৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে মাঘী পূৰ্ণিমাৰ দিনা তেওঁৰ জন্মৰ দিনটোত চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰাৰ পিচৰে পৰা সমগ্ৰ অসমজুৰি চৰকাৰী আৰু বেচৰকাৰী ভাবে চিলাৰায় দিবস উদযাপন কৰি অহা হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত বীৰ চিলাৰয় দিৱসৰ শুভেচ্ছা জনাই লিখিছে, ‘সাহস আৰু বীৰত্বৰ প্ৰতীক, বীৰ চিলাৰাই আছিল ইয়াৰ সোণালী যুগত কোচ ৰাজ্যৰ সেনা প্ৰধান। তেওঁ কেৱল এজন দক্ষ সামৰিক সেনাধ্যক্ষই নহয়, ধাৰ্মিক কেন্দ্ৰসমূহৰ পুনৰুদ্ধাৰকাৰীও আছিল। মই বীৰ চিলাৰাই দিৱসত মহান নেতাজনক নমস্কাৰ জনাইছো’।