আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। ফাগুনৰ এই প্ৰথমটো বুধবাৰতেই মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰে কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং।
উল্লেখ্য যে মিচিং জনগোষ্ঠীয় লোকসকলে বুধবাৰৰ দিনটোক অতি মাংগলিক হিচাপে বিবেচনা কৰি আহিছে। পূৰ্বতে হাবি কাটি জুম পদ্ধতিৰে খেতিৰ বিস্তাৰ আৰম্ভ কৰিছিল মিচিংসকলে। ফাগুন মাহৰ প্ৰথমটো বুধবাৰৰ পৰাই তেওঁলোকে শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিছিল। এই দিনটোতেই ঘৰৰ মুৰব্বীজনে পথাৰত আৰু ৰাইজে সমূহীয়াকৈ এটা নিৰ্দিষ্ট ঠাইত নিৰ্মাণ কৰি মুৰংঘৰৰ চোতালত আলি আয়ে লৃগাংৰ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভ কৰিছিল।
লৃগাঙৰ লৃগদ বা বীজ সিঁচা কাৰ্যৰ বাবে প্ৰস্তুত কৰা নিৰ্দিষ্ট ঠাইডোখৰৰ চাৰিওফালে চাৰিডাল পিঃৰ চাৰিটা দিশত সংস্থাপন কৰা হয়। এই পিঃৰ বা মেখেলা বনত কপাহ চাৰি কোছা, কেঁচা সূতা দিয়া হয়। বীজ সিঁচাৰ বাবে ঠিক কৰা মাটিডোখৰ চহোৱা হয়। ইয়াৰ পিচত শস্যৰ বীজ ৰোপণৰ বাবে শিপাজাতীয় ছটা ফল, গুটিজাতীয় বীজ পাঁচটা ৰোপণ কৰিব লাগে। বীজ সিঁচা কাৰ্যৰ বাবে যুগুত কৰা সকলোবোৰ সামগ্ৰী তিৰোতাগৰাকীয়ে হোৰাত ভৰাই লৈ কান্ধত বা মূৰত ওলমাই আনিব লাগে।
ইয়াৰ পিচতে সকলোৱে গুমৰাগ নৃত্য কৰি আনন্দ কৰা পৰিলক্ষিত হয়। এই গুমৰাগৰ মাত শুনিলেই বীজ অংকুৰিত হয় বুলি এক লোকবিশ্বাস আছে।
মিচিং জনগোষ্ঠীটোৰ প্ৰধান উৎসৱৰ আজি উৰকাৰ দিনা মাছ, মাংস, কুকুৰা, পোৰাং আপিন, বিভিন্ন শস্য, গুটিজাতীয় বীজ, শিপাজাতীয় ফল আদি খাদ্যৰ বাবে সংগ্ৰহ কৰাৰ লগতে সমূহীয়াকৈ উদযাপন হ’ব লগা লৃগাংথলীত নিৰ্মাণ হৈছে মুৰংঘৰ। তদুপৰি গুমৰাগ নৃত্য তথা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশ লোৱাৰ বাবে মচাং এগে-গাচৰ, পেঃৰ, বিবি, গাচেং, এৰকংক, গনঃৰ উগন, মিবু গালুক, টঙালি আদি বিভিন্ন সাজপাৰ প্ৰস্তুত কাৰ্য ইতিমধ্যে সম্পন্ন কৰি তুলিছে মিচিং গাভৰুসকলে।
সমান্তৰালভাৱে ঢোল, তাল আদি বাদ্য যন্ত্ৰসমূহৰো পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিচত গাঁৱে গাঁৱে গুমৰাগ নৃত্যৰ আখৰা, ঢোলৰ শব্দ, ঐ নিঃতমৰ সুৰ বাজি উঠিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীক জনাইছে লৃগাঙৰ শুভেচ্ছা।