আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। তদুপলক্ষে সমগ্ৰ ৰাজ্যতেই উলহ মালহেৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা। ৰাজ্যৰ আন প্ৰন্তৰ দৰেই গুৱাহাটী মহানগৰীটো ৰাতিৰে পৰা পৰিলক্ষিত হৈছে বিশ্ব খনিকৰ গৰাকীৰ উপাসনাৰ প্ৰস্তুতি।
সকলো কাৰখানা, গেৰেজ, গাড়ী, দোকান পোহাৰ সকলোতে বিশ্ব খনিকৰগৰাকীক পূজিবলৈ প্ৰস্তুতি চলাইছে। প্ৰবাদ অনুসৰি বিশ্বকৰ্মা দেৱৰ ওপৰত নিয়োজিত হৈছিল বিশ্বৰ সৃষ্টিৰ দ্বায়িত্ব আৰু তেঁৱেই বিশ্বৰ সকলো আহিলাৰ গৰাকী বুলি তেওঁক পূজা কৰা হয়।