আজি মহাষ্টমী। ৰাজ্যৰ চৌদিশ মুখৰিত হৈছে দেৱী বন্দনাৰে। অগনন ভক্তৰে ভৰি পৰিছে পুজাস্থলী সমূহ। বিগত বৰ্ষত কোভিড পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰা পূজাত ভক্তৰ সমাগম বন্ধ আছিল। এই বেলিও চৰকাৰে বান্ধি দিয়া বিভিন্ন নীতি নিয়মৰ মাজেৰে দেৱীৰ ভক্ত সকলে ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গোৎসৱ।
এই বছৰ দেৱীৰ আৰধনা কৰা ভক্তই বিভিন্ন পূজাস্থলীত গৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।
পৰম্পৰা আৰু জন বিশ্বাস অনুসৰি মা কামাখ্যা দেৱালয়, বিল্বেশ্বৰ দেৱালয়সহ ৰাজ্যৰ বিভিন্ন স্থানত তথা বিভিন্ন পুজা মণ্ডপত মহাষ্টমী আৰু মহানৱমীত দেৱী দুৰ্গাৰ সন্মুখত বলি-বিধান দিবলৈ মহ, ছাগলীকে আদি কৰি বিভিন্ন জন্তু সাজু কৰা দেখা গৈছে।