দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ।
বৰ্ধিত ক’ৰোনাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব।
আজি সন্ধিয়া ৬:৩০ বজাৰ পৰা অনুষ্ঠিত হব এই বৈঠক।ক’ৰোনা
সংক্ৰমণ বৃদ্ধি ৰোধৰ আলোচনা কৰিবৰ বাবে এই বৈঠকৰ আহ্বান কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
ইয়াৰ উপৰিও ৰাজ্য সমূহৰ ক’ৰোনাৰ পৰিস্থিতিৰ বুজ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ভিডিঅ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হব এই বৈঠক।
কভিডৰ প্ৰতিষেধক প্ৰদানৰ ওপৰতো আলোচনা কৰিব এই বৈঠকত।
Photo Credit: Google