১ আৰক্ষীৰ জালত পৰিল গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্ত
কিছুদিন পূৰ্বে গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিকি আলীক আৰক্ষীয়ে এন্কাউন্টাৰ কৰা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে । এয়াৰ পাছতেই ৰাজ্য কঁপোৱা এই ধৰ্ষণ কাণ্ডত জড়িত পলাতক দুই অভিযুক্ত ফাইজুল আৰু পোনা আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
২ ৰাজ্যসভা নিৰ্বাচনৰ বাবে পবিত্র মাৰ্ঘেৰিটাই পালে দলীয় টিকট
শুকুৰবাৰে জল্পনা-কল্পনাৰ অৱসান ঘটাই অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। এই পৰ্যন্ত এখন আসনৰ বাবেহে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে বিজেপিয়ে। সেই অনুসৰি দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক দিয়া হৈছে দলীয় প্ৰাৰ্থীত্ব।
৩ NSSৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰক্তদান শিবিৰ
ৰক্তদান মহৎ দান – এই কথাক সাৰোগত কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSSগোটৰ উদ্যোগত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ সহযোগত যোৱা ১৬ মাৰ্চ তাৰিখে ছাত্ৰ কল্যাণ সঞ্চালক কাৰ্যালয়ত এক বৃহৎ ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।
৪ ভয়ংকৰ অগ্নিকাণ্ডত জুইত জাহ গ’ল এখন বাছ
বকোৰ সোণতলীত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ৰৈ থকা বাছ এখনত দাও-দাওকৈ লাগে জুই। অৱশ্যে এতিয়ালৈকে কোনো হতাহতি হোৱাৰ খবৰ আহি পৰা নাই। তদুপৰি জুইৰ সূত্ৰপাতৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।
৫ পিতৃৰ সৈতে সম্পৰ্ক নৰখা কন্যাই নাপাব পিতৃৰ সম্পত্তিৰ অধিকাৰ!
পিতৃৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ অনিচ্ছুক কন্যাই তেওঁৰ শিক্ষা বা বিবাহৰ বাবে পিতৃৰ ধনৰ অধিকাৰী নহ’ব বুলি ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷