দেশত ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে ক’ৰোনা ভাইৰাছ।
ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য সমূহত ক্ৰমান্বয়ে লকডাউনৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
শুকুৰবাৰে মিজোৰামত সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰে মিজোৰাম ৰাজ্য চৰকাৰে।
ক’ৰোনা সংক্ৰমণ ভয়াবহতাৰ পৰা ৰক্ষা পাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰাম ৰাজ্য চৰকাৰে।
প্ৰথম পৰ্যায়ত ১ সপ্তাহৰ বাবে ঘোষণা কৰা হৈছে এই লকডাউনৰ।
১০ মে’ পুৱা ৪ বজাৰ পৰা ১৭ মে’ পুৱা ৪ বজালৈ এই লকডাউনৰ সময় নিৰ্ধাৰণ কৰা হৈছে।
পৰিস্থিতি সুস্থিৰ নহলে এই লকডাউনৰ সময় সীমা বৃদ্ধি হোৱাৰ আশংকা আছে বুলি জানিবলৈ দিছে মিজোৰাম ৰাজ্য চৰকাৰে।
Photo Credit : Google