ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমূখী AS 06 J 7562 নম্বৰৰ টয়তা বাহনখনে নিয়ন্ত্ৰন হেৰুৱাই সোণাপুৰৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰৰ মাজত থকা এটি কালভাৰ্টৰ কংক্ৰিটৰ ৰেলিঙত প্ৰচণ্ড যোৰে খূন্দা মৰাৰ ফলত বাহনখন দপ-দপাই জ্বলি যায়।
স্থানীয় ৰাইজে গাড়ীখন এনেদৰে জ্বলি থকা প্ৰত্যক্ষ কৰি ওচৰলৈ যোৱাত গাড়ীখনৰ ভিতৰত চালক গৰাকী আহত অৱস্থাত আৱদ্ধ হৈ থকা দেখি চালকগৰাকীক বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি স্থানীয় সোণাপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰে যদিও বাহনখন প্ৰায় সম্পূৰ্ণ জ্বলি যায়। আহত লোকজনৰ নাম দূৰ্গা প্ৰসাদ টাই আৰু তেখেতৰ ঘৰ ডিব্ৰুগড়ৰ পূৱ মিলন নগৰত বুলি জানিব পৰা গৈছে।
লোকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে সোণাপুৰৰ চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে GMCH’লৈ প্ৰেৰণ কৰা হয়।