অহা ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব৷ কভিডৰ সময়ত যিদৰে অনুষ্টুপীয়াকৈ অম্বুবাচী অনুষ্ঠিত কৰা হৈছিল, এইবাৰো তেনেকৈয়ে পালন কৰা হ’ব৷ কেৱল ধৰ্মীয় ৰীতি-নীতিৰে পালন হ’ব অম্বুবাচী মেলা৷
অম্বুবাচীলৈ আগমন ঘটিছে বহিঃৰাজ্যৰ বহু ভক্তৰ৷ ভক্তসকলৰ বাবে পুৰনি জে’লৰ অস্থায়ী আৱাসত টিকটৰ ব্যৱস্থা কৰা হৈছে৷ ভক্তসকলৰ আধাৰ আৰু ভোটাৰ কাৰ্ড পৰীক্ষা কৰা হৈছে৷ উল্লেখ্য যে, আগন্তুক অম্বুবাচী মহোৎসৱৰ সময়ত এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীৰ্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব৷ কামাখ্যাৰ নামনিৰ পৰা অহা পদ-পথ সমূহৰ লগতে মটৰ পথছোৱাত মাজে মাজে খোৱাপানী, জিৰণি চ’ৰা, জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা থাকিব৷
অম্বুবাচী মেলাৰ সময়ত গুৱাহাটী ট্ৰেফিক আৰক্ষীয়ে যান-বাহনৰ চলাচল সুচাৰুৰূপে নিশ্চিত কৰাৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু সাল-সলনি আৰু নিষেধাজ্ঞা আৰোপ কৰিছে৷ যান-বাহনৰ আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি যান-বাহন চলাচলৰ এই নতুন নিয়ম ২২ জুনৰ পৰা ২৬ জুনলৈ বাহাল থাকিব৷
- ফেৰী গাড়ী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পৰ্কিত বাহন, আৰু কামাখ্যা মন্দিৰৰ কেইখনমান বাহন আৰু জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত আৱাসীসকলৰ বাহিৰে ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা মন্দিৰৰ ফালে আৰু কামাখ্যা মন্দিৰ অভিমুখে কোনো বাহন প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব৷
- সামগ্ৰী পৰিবহন কৰা গধুৰ, মজলীয়া আৰু সৰু বাণিজ্যিক বাহনবোৰ ডিজি ৰোড বা এমজি ৰোডত চলাবলৈ অনুমতি দিয়া নহ’ব৷
- ভৰলুমুখৰ ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গেটৰ ওচৰত নমাই থৈ বৰিপাৰা ফিল্ডত পাৰ্ক কৰিব পাৰিব৷
- মালিগাঁওৰ ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গেটৰ ওচৰত নমাই দিব আৰু ভৰালুমুখ হৈ যাব লাগিব৷
- পাণ্ডু মন্দিৰ ঘাটৰ পৰা নতুনকৈ নিৰ্মাণ কৰা পথটো ব্যৱহাৰ কৰিবলৈ বাহনসমূহক অনুমতি দিয়া নহয়৷