অৰুণাচলত এক কৰুণ দুৰ্ঘটনা সংঘটিত হয়। একেটা পৰিয়ালৰে দুটাকে প্ৰাণে হেৰুৱালে প্ৰাণ।
চুবুৰীয়া ৰাজ্যখনৰ আপাৰ সিং জিলাত পথ নিৰ্মাণৰ কামত নিয়োজিত পৰিয়াল এটাক শুই থকা অৱস্থাতে বাহন এখনে মহতিয়াই নিয়ে।
দুৰ্ঘটনাটোৰ ফলত ৪ বছৰীয়া শিশুসহ মাতৃয়ে কৰুণ মৃত্যুক সাৱটিলে ৷ নিহত মাতৃ–পুত্ৰৰ নাম হ’ল মাছুদা খাতুন আৰু পুত্ৰ মাজিদুৰ ৰহমান।
পথৰ দাঁতিত থকা অস্থায়ী গৃহত শুই থকা সময়তে শনিবাৰে পুৱা পথ নিৰ্মাণত ব্যৱহৃত এখন বাহনে দুয়োকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় ৷
দুয়োটা মৃতদহ শীঘ্ৰে চিৰাঙত থকা পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে স্থানীয় ৰাইজে দাবী জনায়।
Photo: Headline8