মঙলবাৰে পুৱা মধ্যপ্ৰদেশৰ সিধিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
প্ৰায় ৫৪ গৰাকী যাত্ৰীভৰ্তি বাছ দ খাৱৈত বাগৰি পৰে। বৰ্তমানলৈ ৪২জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
৬জনক জীৱন্তে উদ্ধাৰ। বাছখনৰ চালকে নিজে সাঁতুৰি পাৰ হয়।
আটক কৰা হয় চালকজনক।
বিষয়াসকলে মৃত লোকৰ সংখ্যা ৪৫তকৈ অধিক হোৱাৰ আশংকা প্ৰকাশ কৰিছে। কেইটামান মৃতদেহ উটি যোৱাৰ কথাও পোহৰলৈ আহিছে।
দুৰ্ঘটনাগ্ৰস্ত বাছখন সিধিৰ পৰা চতনা অভিমুখী আছিল।
দুৰ্ঘটনাটো ৰামপুৰৰ নেকিন এলেকাত পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত হয়।
দুৰ্ঘটনাটোৰ ৪ ঘণ্টাৰ পিছত ১১.৪৫ বজাত ক্ৰেনৰ সহায়ত বাছখন বাহিৰলৈ ওলাই অনা হয়।
খাৱৈটো ২০ৰ পৰা ২২ ফুট দ আছিল। যিটো সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয়, সেই সময়ত পানীৰ সোঁত যথেষ্ট বেছি আছিল, যাৰ বাবে যাত্ৰীসকলে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।
মৃত লোকসকলৰ ভিতৰত ১২জন ছাত্ৰও অন্তৰ্ভুক্ত।
আৰক্ষীয়ে জনোৱা অনুসৰি, বাছখনৰ মাত্ৰ ৩২জন লোকেক উঠোৱাৰ ক্ষমতা আছিল, কিন্তু বাছখনত উঠোৱা হৈছিল ৫৪ গৰাকী যাত্ৰী।
বাছখন সিধিৰে ছুহিয়া ঘাটি হৈ ছতনা যাবলগীয়া আছিল, কিন্তু যান-জঁটৰ বাবে চালকে পথ সলনি কৰিছিল।
চালকজনে খাৱৈৰ কাষেৰে বাছখন লৈ গৈ আছিল।
ৰাস্তাটো যথেষ্ট সৰু আছিল আৰু যাৰ বাবে চালকে হেৰুৱাইছিল নিয়ন্ত্ৰণ।
বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত।
Photo: Google