মহাৰাষ্ট্ৰৰ ভণ্ডাৰা জিলাৰ চৰকাৰী হাস্পতালত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ দেশৰ লোকসকলৰ হৃদয় জোকাৰি গৈছে।
ভণ্ডাৰাৰ জিলা হাস্পতালৰ Sick Newborn Care Unitত ৰাখি থোৱা ১৭টা নৱজাতকক জুইৰ লেলিহান শিখাই আগুৰি ধৰে।
ইয়াৰ ১০টা শিশুই হেৰুৱালে প্ৰাণ। এই কৰুণ ঘটনাটোৰ পিছতে বহু কেইগৰাকী নেতাই জনালে সমবেদনা।
ঘটনা সন্দৰ্ভত শোকপ্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত লিখিলে যে,”মহাৰাষ্ট্ৰৰ ভণ্ডাৰাত সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাত আমি আমাৰ অমূল্য জীৱন হেৰুৱাইছো।
প্ৰতিটো শোকাহত পৰিয়ালক মই সমবেদনা জনাইছো। আশা কৰো যে আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক।
Heart-wrenching tragedy in Bhandara, Maharashtra, where we have lost precious young lives. My thoughts are with all the bereaved families. I hope the injured recover as early as possible.
— Narendra Modi (@narendramodi) January 9, 2021
এই ঘটনাটোক লৈ গৃহমন্ত্ৰী অমিত শ্বাহেও সমবেদনা জনায়। গৃহমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিলে যে-”মহাৰাষ্ট্ৰৰ ভণ্ডাৰা জিলা হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাটো যথেষ্ট দুৰ্ভাগ্যজনক।
মই লিখিবলৈ শব্দ বিচাৰি পোৱা নাই। মই সমবেদনা জনাইছো পৰিয়াললৈ।
ভগৱানে তেওঁলোকক অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।”
The fire accident in Bhandara district hospital, Maharashtra is very unfortunate. I am pained beyond words. My thoughts and condolences are with bereaved families. May God give them the strength to bear this irreparable loss.
— Amit Shah (Modi Ka Parivar) (@AmitShah) January 9, 2021
ভণ্ডাৰা জিলাত প্ৰাণ হেৰুওৱা শিশুকেইটাৰ পৰিয়াললৈ সমবেদনা জনাই ৰাহুল গান্ধীয়ে লিখিলে যে, মহাৰাষ্ট্ৰৰ ভণ্ডাৰাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা যথেষ্ট দুৰ্ভাগ্যজনক আৰু কৰুণ।
যিসমূহ পৰিয়ালে নিজৰ সন্তানক হেৰুৱাইছে সেই পৰিয়াল কেইটালৈ মই সমবেদনা জ্ঞাপন কৰিছো।
মই মহাৰাষ্ট্ৰ চৰকাৰক আহ্বান জনাইছো যে আহত আৰু মৃতকৰ পৰিয়াললৈ যিমান সম্ভৱ সহায় কৰক।
The unfortunate incident of fire at Bhandara District General Hospital in Maharashtra is extremely tragic.
My condolences to the families of the children who lost their lives.
I appeal to Maha Govt to provide every possible assistance to the families of the injured & deceased.
— Rahul Gandhi (@RahulGandhi) January 9, 2021
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও ভণ্ডাৰাৰ এই ঘটনাটোক লৈ শোক প্ৰকাশ কৰে।
তেওঁ টুইটাৰত লিখিলে যে, মহাৰাষ্ট্ৰৰ অগ্নিকাণ্ডৰ ঘটনাত শিশুকেইটাৰ মৃত্যু যথেষ্ট হৃদয় বিদাৰক আৰু ভীষণ।
Fire at Maharashtra’s Bhandara district hospital & subsequent death of infants in the unfortunate incident is horrific & heart wrenching to say the least. My deepest condolences to the parents & families of children who lost their lives. Om Shanti!
— Smriti Z Irani (Modi Ka Parivar) (@smritiirani) January 9, 2021
উল্লেখ্য, শনিবাৰে মাজনিশা শ্বৰ্ট চাৰ্কিটৰ বাবে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ভণ্ডাৰাত।
Sick Newborn Care Unitত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
ৱাৰ্ডটোত মুঠ ১৭টা শিশু আছিল।
যেতিয়ালৈ শিশুকেইটাৰ প্ৰাণ ৰক্ষা কৰিবলৈ লোক উপস্থিত হয় তেতিয়ালৈ ১০টা নৱজাতক শিশুই কৰুণ মৃত্যুক সাৱটি লয়।
হাস্পতালখনে জনোৱা অনুসৰি, সেই ৱাৰ্ডটোত সেইসকল শিশুক ৰখা হয়, যি শিশুৰ অৱস্থা সংকটজনক আৰু ওজন কম থাকে।
Photo: Google