মঙলবাৰে পুৱা গোৱালিয়ৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
পুৰণি ছাৱনীত বাছ আৰু অটোৰ মুখামুখি সংঘৰ্ষত ঘটনাস্থলীতে ১৩জনে হেৰুৱালে প্ৰাণ।
এই শোকাৱহ দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীৰ দৃশ্য যথেষ্ট হৃদয় বিদাৰক আছিল।
গোৱালিয়ৰত আনন্দপুৰ ট্ৰাষ্ট হাস্পতালৰ সন্মুখত আজি পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
অটো আৰু বাছৰ মুখামুখি সংঘৰ্ষত ১৩জন লোকে প্ৰাণ হেৰুৱালে।
মৃত লোককেইগৰাকীৰ ভিতৰত আছিল ১২ গৰাকী মহিলা আৰু এজন অটো চালক।
৩জন অন্য লোকক হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আহত লোককেইজনৰো অৱস্থা যথেষ্ট সংকটজনক।
অটোখনক খুন্দিয়াইছিল বাছে
অটোখনে বাছখনক মাৰিছিল খুন্দা।
গোৱালিয়ৰৰ এছ পি অমিত সাংঘীয়ে ক’লে যে, অটোখন গোৱালিয়ৰৰ পৰা মুৰেনা ৰোডত চমন পাৰ্কলৈ গৈ আছিল।
নিহত মহিলাকেইগৰাকী অংগনৱাড়ী স্কুলত ভাত ৰন্ধা কাম কৰিছিল।
নিশা কাম শেষ কৰি ঘৰলৈ ঘূৰি আহি আছিল।
মহিলাকেইগৰাকী দুখন অটোৰে আহি আছিল কিন্তু ৰাস্তাতে এখন অটো বেয়া হৈ যোৱা বাবে এখন অটোতে বহি ঘৰলৈ ৰাওনা হৈ আছিল।
Photo: Google