ধুবুৰীৰ আগমণিৰ মইশাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শিলৰ ট্ৰাক আৰু বিবাহযাএী বাছৰ ভয়ংকৰ সংঘৰ্ষত ৩ গৰাকী বিবাহযাত্ৰী নিহত হোৱাৰ লগতে ১৩ গৰাকী লোক গুৰুতৰভাৱে আহত।
নিহত কেইগৰাকীৰ নাম ক্ৰমে কোকৰাঝাৰৰ কলবাৰীৰ পংকজ ৰায়, গোলকগঞ্জৰ বিছনদৈৰ সনজিৎ ৰায় আৰু ডিংডিংগাৰ সুজয় ৰায়।
কলবাৰীৰ পৰা AS 16AC 0716 নম্বৰৰ বাছখনে প্ৰায় ৫০ গৰাকী বৰযাত্রী কন্যাৰ গৃহ জিনকাটালৈ কঢ়িয়াই আনিছিল।
বিবাহ সম্পন্নৰ পিছত পুৱতি নিশা বাছখনে বৰযাত্রীলৈ উভতাৰ পথত মইশাৰ ৰাষ্ট্রীয় ঘাইপথত পাছফালৰ পৰা AS 01 U 9051 নম্বৰৰ শিল কঢ়িওৱা ট্রাকক প্ৰচণ্ড বেগে খুন্দা মাৰে।
এই খুন্দাত তিনিগৰাকীকৈ বৰযাত্রী নিহত হয়।
লগতে জয়া ৰায়, উষা ৰায়, হিমানী ৰায়, বীৰেন ৰায়, ৰঞ্জিৎ ৰায়, টেপু ৰায়কে ধৰি ১৩ গৰাকীকৈ লোক এই দুৰ্ঘটনাটোত আহত হয়।
আহত আটাইকেইজন লোককে আগমনি সমূহীয়া স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰোৱা হৈছে।
Photo: Headline8