নাৰায়ণপুৰৰ পিছলাগুৰিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোত শোকৰ সৃষ্টি।
জানিব পৰা অনুসৰি, নাৰায়ণপুৰৰ পিছলাগুৰিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ধলপুৰৰ জামুগুৰিৰ হেমকান্ত দলে আৰু তেওঁৰ পত্নী বুধবৰী পাদিয়ে এখন বাইকেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS-O7-A-2375 নম্বৰৰ মাৰুটি-৮০০ খনে প্ৰচণ্ড জোৰত খুন্দা মাৰে।
ফলত বাইক আৰোহী স্বামী আৰু স্ত্ৰী গুৰুতৰভাৱে আহত হয়।
পিছত দুয়োকে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে দুয়োজনকে।
ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই মাৰুটি বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাস্থলীত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Photo: Headline8