শনিবাৰে পুৱা বিহাৰৰ সমস্তীপুৰত এখন ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়।
কিন্তু ৰে’লখনৰ যাত্ৰীৰ কোনো ক্ষতিসাধন নহয়। দৰাচলতে সমস্তীপুৰৰ পৰা মনিহাৰী অভিমুখী জানকী এক্সপ্ৰেছ ৰে’লৰ সৈতে এখন JCBৰ মুখামুখি সংঘৰ্ষ হয়।
খুন্দা ইমানেই ভয়ংকৰ আছিল যে, ৰে’লখনৰ ইঞ্জিন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰু JCBৰ ইঞ্জিনৰ সন্মুখভাগ ভাঙি চূৰমাৰ হয়।
দুৰ্ঘটনাটোত JCBখনৰ চালক গুৰুতৰভাৱে আহত হয়।
জানিবলৈ দিয়া অনুসৰি, শনিবাৰে পুৱা ৰে’লখন ৭.৩৮ বজাত সমস্তীপুৰ ষ্টেচনৰ পৰা মনিহাৰী অভিমুখী আছিল।
প্ৰায় ৮.১০ বজাত ৰে’লখন যেতিয়া ট্ৰেক এৰি দিয়ে তেতিয়া ১১চিৰ সন্মুখত লেবেল ক্ৰছিঙৰ সমীপত এখন JCBয়ে হঠাতে সন্মুখত আহি যায়।
ইয়াৰ পিছত প্ৰচণ্ড খুন্দাৰ ফলত JCBখন দূৰলৈ ছিটিকি পৰে।
দুৰ্ঘটনাটোৰ কথা জানিব পোৱা মাত্ৰকেই ৰে’লৱেৰ জ্যেষ্ঠ বিষয়া ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰে।
Photo: Amar Ujala