ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন’লজি চমুকৈ IASSTত বুধবাৰৰ পৰা আৰম্ভ হৈছে বৈজ্ঞানিক গৱেষণা কাৰ্যত ব্যৱহৃত যন্ত্ৰৰ সপ্তাহযোৰা প্ৰশিক্ষণ কাৰ্যসূচী । অহা ১৩ ছেপ্টেম্বৰলৈ চলিব লগীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক গৱেষণা কাৰ্যত কৰ্মৰত গৱেষক , ছাত্ৰ – ছাত্ৰী , শিক্ষক – শিক্ষয়ত্ৰীৰ লগতে বৈজ্ঞানিক গৱেষণাত প্ৰয়োজনীয় বিশেষ কিছুমান যন্ত্ৰ তথা আন সা – সুবিধা সমূহৰ বিশেষ প্ৰশিক্ষণ তথা আভাষ প্ৰদান কৰা।
আনহাতে এই উপলক্ষে IASSTৰ সঞ্চালক , অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক কমিটিৰ সমন্বয়ক ডঃ অৰূপ ৰতন পালে। আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্ধোধনী অনুষ্ঠানত বক্তা হিচাপে এন আই টি , শিলচৰৰ অধ্যাপক ডঃ চিৰঞ্জীৱ ভৌমিক, আই আই টি, গুৱাহাটীৰ অধ্যাপকদ্বয় ডঃ মহুৱাদে আৰু ডঃ আলিকা খাৰে , বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হেৰম্ব বাইলুং, নাইপাৰ, গুৱাহাটীৰ অধ্যাপক ডঃ ৰোচন এম ৱাৰ্কৰ উপস্থিত থাকে । উল্লেখযোগ্য যে সপ্তাহযোৰা প্ৰশিক্ষণ কাৰ্যসূচীত স্কেলিং ইলেকট্ৰন , মাইক্ৰ’স্কোপ, এইছ চি এল চি , এল চি এম এছ/ এম এছ ইত্যাদিকে ধৰি বিভিন্ন অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ দিয়া হব।