গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত ২২ জুনত ধান খেতি ওপৰত (Rice Doctor Appr) এদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয়। ইয়াৰ উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ডঃ ধীৰেন্দ্ৰনাথ কলিতাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে এপাৰ্ট প্ৰকল্পৰ প্ৰকল্প সহয়ক ড০ মুনমী বৰাই। প্ৰশিক্ষণ শিবিৰত কামৰূপ জিলাৰ কৃষি বিষয়া আৰু কৃষি সম্প্ৰসাৰণ বিষয়াকে ধৰি মুঠ ২৭ জন প্ৰশিক্ষাৰ্থীয়ে ভাগ লয়। শিবিৰত সমল ব্যক্তি হিচাপে ভাগ লৈ ইৰীৰ বিজ্ঞানী ড০ সুজাথঙ্গা আৰু পূজা ৰাজখোৱাই বৈজ্ঞানিক পদ্ধতিৰে ধান খেতি কৰি উৎপাদন বৃদ্ধি কৰি আৰ্থিক ভাবে লাভবান হব পাৰি তাৰ কৌশল সমূহ প্ৰদৰ্শন কৰে। শিবিৰত বিশেষ সহায় কৰে কাৰিকৰী সহায়ক অনন্ত গগৈ আৰু অৰূপ জ্যোতি কাকতিয়ে> শেষত শলাগৰ শৰাই আগবঢ়াই এপাৰ্ট প্ৰকল্পৰ কণিষ্ঠ প্ৰকল্প বিজ্ঞানী নেইনা গোস্বামীয়ে।