অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত আৰু ছয়ানী জাগ্ৰত মহিলা কৃষক উৎপাদক সন্থাৰ সহযোগত যোৱা ইং ৪ ৰ পৰা ৯ অক্টোবৰলৈ বিৰোগাও গাওঁ পঞ্চায়তত পাঁচখন গাওঁৰ ২৪ গৰাকী উদ্যমী মহিলাক বছৰ জুৰি কাঠফুলা খেতিৰ উৎপাদন লগতে ইয়াৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বিষয়ৰ ওপৰত পাঁচদিনীয়া প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে কেন্দ্ৰৰ বিজ্ঞানী ডঃ মধুস্মিতা কটকী উপস্থিত থাকি প্ৰশিক্ষণটি আগবঢ়াই নিয়ে।
উক্ত প্ৰশিক্ষণ শিবিৰত গ্ৰেণ্ট থৰ্ণ্টনৰ ক্লাষ্টাৰ মেনেজাৰ ৰমেন কলিতা আৰু ছয়ানী জাগ্ৰত মহিলা কৃষক উৎপাদক সন্থাৰ চি.ই.ও. চিন্ময় গোস্বামী উপস্থিত থাকি অনুষ্ঠানটি পৰিচালনা কৰাত সহায় কৰে ১৯ অক্টোবৰ তাৰিখে হোৱা সামৰণি অনুষ্ঠানত ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ এছ.আৰ.এল.এম.ৰ ব্লক প্ৰজেক্ট মেনেজাৰ অনুজা বৰ্মন হালৈ আৰু বিৰোগাও গাওঁ পঞ্চায়তৰ সভাপতি অনু ৰাভা উপস্থিত থাকে। উক্ত অনুষ্ঠানত সমূহ প্ৰশিক্ষনাৰ্থীৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়।