কালি কাজিৰঙা পানবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা ৩ টা গঁড় স্থানান্তৰ কৰা হয় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ।
জানিব পৰা অনুসৰি ২০১৯ বৰ্ষত বানপানীৰ সময়ত কাজিৰঙাৰ ভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছিল এই গঁড় কেইটা।
তাৰ পিছতে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ৰাখি লালন পালন কৰা হৈছিল।
আৰু কালি সন্ধিয়া এই গঁড় কেইটাক স্থানান্তৰ কৰিলে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ।
গঁড় কেইটাক স্থানান্তৰ কৰা সময়ত কেন্দ্ৰটোৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে গঁড় কেইটাৰ স্বাস্থ্য পৰীক্ষা কৰি চিনাক্তকৰণ বাবে কাণত চিহ্ন প্ৰদান কৰে।
Photo Credit:Google