তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে সাজু হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ৷ পৰিবহণ বিভাগে সাজু কৰি তুলিছে প্ৰখৰ দৃষ্টি শক্তিসম্পন্ন আৰু সুস্বাস্থ্যৰ এদল সুদক্ষ গাড়ী চালককো। বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাৰ কামত বিভাগৰ ফালৰ পৰা চাৰি শতাধিক বাহন প্ৰস্তুত কৰা হয়। সেয়ে গুৱাহাটী লোকসভা সমষ্টিৰ দুৰ্গম ভোট কেন্দ্ৰসমূহলৈ পুলিং, পিজাইদিং বিষয়াসকলে যাত্ৰা আৰম্ভ কৰাৰ আগেয়ে দেওবাৰে চাৰি শতাধিক বাহনৰ চালক,সহায়কৰ চকু-স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ কৰা হয়। ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ বিশেষ তৎপৰতাত নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ কামত নিয়োজিত চালকসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে লোৱা পদক্ষেপলৈ ব্যাপক সহাৰি জনায় কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয় শংকৰ মেধিৰ তৎপৰতাত আগবাঢ়ি আহিল বিশিষ্ট চিকিৎসকৰ এটা দল। ডাঃ পাৰ্থপ্ৰতিম দাস, ডাঃ ফাৰান আলী, ডাঃ সুৰজিত কলিতাসহ চকু বিশেষজ্ঞ ডাঃ নিলোফাৰ হুচেইন, ডাঃ স্মিত জ্যোতি কলিতাকে ধৰি কেইবাগৰাকীও চিকিৎসাকৰ্মীয়ে মহানগৰীৰ আইএছবিটি চৌহদত আজিৰে পৰা দুদিনীয়াকৈ চকু আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ কৰে ৷
শিবিৰৰ উদ্বোধনী অনুষ্ঠানত পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে প্ৰতিটো নিৰ্বাচনতে বাহনৰ চালকসকলে আগবঢ়োৱা নিৰৱ, নিঃস্বাৰ্থ আৰু উৎসৰ্গিত সেৱাৰ মহানতাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে নিৰ্বাচনৰ আৰম্ভণিৰ পৰা সমাপ্তিলৈকে ৰাজনৈতিক দলসমূহৰ সাধাৰণ সদস্য, চৰকাৰী বিষয়া কৰ্মচাৰীৰ পৰা নেতা, প্ৰাৰ্থীলৈকে সকলোৱে বাহনৰ চালকৰ ওপৰত নিৰ্ভৰশীল। সেয়ে বৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়াটোত এইসকল লোকক প্ৰখৰ দৃষ্টি শক্তিসম্পন্ন আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি নিৰ্বাচনী কাৰ্য সুকলমে সম্পন্ন কৰাত সহযোগ কৰিবলৈকে এই শিবিৰ আয়োজন কৰাৰ কথা উল্লেখ কৰে। ইফালে শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ উপৰি নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ কামত নিয়োজিত চালকে যানবাহন চলোৱাৰ নীতি-নিয়ম সন্দৰ্ভতো যে সকলো সময়তে সজাগ-সচেতন হৈ থাকিব লাগিব সেই সন্দৰ্ভতো বিভিন্ন তেওঁ দিহা-পৰামৰ্শ আগবঢ়াই । নিৰ্বাচনী কামত নিয়োজিত হৈ গন্তব্যস্থানলৈ ৰাওনা হোৱাৰ আগৰ এনেয়ে থাকিবলগীয়া সময়খিনিত যাতে কোনোধৰণৰ আলস্য, জঠৰতা অনুভৱ কৰিবলগীয়া নহয় তাৰবাবেও পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে চালকসকলৰ মনোগ্ৰাহী হোৱাকৈ তথ্যচিত্ৰ, চুটি ছবি, চিনেমা আদি প্ৰদৰ্শনৰো ব্যৱস্থা কৰে। এইসমূহৰ জড়িয়তেও পথ-সুৰক্ষা সজাগতামূলক মুকাভিনয়, চুটিছবি আদিৰে চালকসকলক তৎপৰ আৰু সদাসচেতন কৰি ৰখাতো গুৰুত্ব দিয়া হয়।