যান-বাহন কৰ ফাঁকি দি সম্পূৰ্ণ বেআইনীভাৱে পথত চলাচল কৰি থকা ব্যক্তিগত,বাণিজ্যিক বাহনৰ গৰাকী, বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ সষ্টম হৈছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। বিশেষকৈ অসমৰ বায়ু-পানী সেৱন কৰি অসমতে ব্যৱসায় বাণিজ্য গজগজীয়া কৰিয়ো দীৰ্ঘদিন ধৰি ৰাজ্যখনত যানবাহন কৰ আদায় নিদিয়া বাহনক যানবাহন আইনৰ অধীনত অতিৰিক্ত জৰিমনা আৰু কঠোৰ শাস্তি বিহিবলৈকো উদ্যত হৈছে পৰিবহণ বিভাগ। এই সন্দৰ্ভত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে বাৰম্বাৰ আহ্বান জনোৱা সত্বেও বহু বাণিজ্যিক তথা উদ্যোগ প্ৰতিষ্ঠানে বৃহৎ পৰিমাণৰ যানবাহন কৰ আদায় নিদিয়াটো সম্প্ৰতি এটা ভয়ংকৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷ কিয়নো এই বেআইনী কৰফাঁকি ৰাজ্যৰ ৰাজকোষতে এক ডাঙৰ আঘাতস্বৰূপ৷ সুৰক্ষিত যাতায়াতৰ প্ৰতিও এক প্ৰচণ্ড ভাবুকি ৷ সেয়ে যানবাহন কৰ আদায় নিদি ৰাজপথত ওভতগোৰে চলি যিকোনো সময়তে দুৰ্যোগ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই অনা বাহনক কোনো কাৰণতে সাৰি যাবলৈ দিয়া ন’হব বুলি শেহতীয়াকৈ বিভাগৰ বিষয়াৰ এটা দলে মহানগৰীৰ বিভিন্ন ব্যৱসায়িক বাহন, উদ্যোগ প্ৰতিষ্ঠানত অতৰ্কিত অভিযান চলাই ঠিতাতে কৰ আদায় কৰাৰ লগতে অহা ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত নথিপত্ৰসমূহ নৱীকৰণ কৰিবলৈ কঠোৰ সকিয়নী দিয়ে৷
উল্লেখ্য যে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীৰ নেতৃত্বত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াৰ দলে চলোৱা অভিযানত কৰফাঁকি দিয়া বহুজাতিক প্ৰতিষ্ঠানৰ নিতে নতুন চল চাতুৰীৰ তথ্য পোহৰলৈ আহিছে ৷ বহুতো বহুজাতিক উদ্যোগ প্ৰতিষ্ঠানে আনকি মহানগৰীত সঘনে সলাই প্ৰতিষ্ঠানৰ নাম-ঠিকনা। এইবাৰ কিন্তু এনে ভুৱা উদ্যোগ প্ৰতিষ্ঠানতো গৈ উপস্থিত হৈছে বিভাগৰ অভিযানকাৰী দল আৰু লগে লগে যানবাহন কৰ আদায় দিবলৈ বাধ্য কৰিছে। যোৱা দুদিনত মহানগৰীৰ কেইবা শতাধিক বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থাত অভিযানকাৰী দল উপস্থিত হৈ শীঘ্ৰেই যানবাহনৰ সকলো কৰ আদায় দিয়াৰ লগতে ফিটনেছ, ইঞ্চিওৰেঞ্চ, প্ৰদূষণ, পাৰ্মিট আদি যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰিবলৈ আহ্বান জনায়। অন্যথা ১মাৰ্চৰ পৰা আইন অমান্যকাৰী যানবাহনৰ বিৰুদ্ধে “অভিযান ছাৰখাৰ ৩ৰ বাবে সষ্টম হোৱা বুলিও সকীয়নি দিয়ে। উল্লেখ যে, “অভিযান ছাৰখাৰ ৩” আৰম্ভ হ’লেই যানবাহনৰ নথিপত্ৰ নৱীকৰণ হৈ নথকা বাহনৰ বিৰুদ্ধ বৃহৎ পৰিমাণৰ জৰিমণা বিহাৰ লগতে তেনে বাহন জব্দ কৰি স্ক্ৰেপ কৰা হ’ব বুলি তথ্য সদৰি কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে।