ডিব্রুগড়ত নিশা দুৰ্নীতি নিবাৰক শাখাই চলোৱা অভিযানত পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক গ্রেপ্তাৰ কৰাৰ লগতে হাজৰিকাৰ বাসগৃহৰ পৰা বহু নথি-পত্র, নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে এনফ’ৰ্চমেণ্ট বিষয়া উজ্জ্বল বৰুৱাৰ বাসগৃহতো তালাচী চলালে দুৰ্নীতি নিবাৰক শাখাই। জ্যোতিনগৰস্থিত বাসগৃহত অভিযান চলাই জব্দ কৰে নগদ ৮২ হাজাৰ টকা। আনহাতে শীঘ্ৰেই দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত উজ্জ্বল বৰুৱাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।
In continuation of @DIR_VAC_ASSAM action against corruption at DTO office Dibrugarh, searches have been carried out at residence of Sri Sanjib Hazarika DTO Dibrugarh. Till now Rs.7,03,800 unaccounted cash recovered and 87k demonetized notes found. @assampolice @CMOfficeAssam pic.twitter.com/nFQlEgDzuE
— GP Singh (@gpsinghips) October 21, 2022
উল্লেখ্য যে, পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ একাধিক বিষয়াৰ বাসগৃহতো নিশা তালাচী চলোৱা হয়। নিম্নবৰ্গৰ সহায়িকা দিতিমণি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত চলিছিল এই অভিযান।