মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমৰ যান-বাহনৰ গৰাকীক ঘৰতে বহি ৫০ৰো অধিক সংস্পৰ্শবিহীন সেৱা অনলাইন যোগে লাভৰ সুবিধা কৰি দিয়াৰ পিছতো এতিয়াও গুৰুত্বপূৰ্ণ সেৱাসমূহ সঠিকভাৱে গ্ৰহণ কৰিব নোৱাৰা সকলক বিশেষ ভাৱে সহায় সহযোগ আগবঢ়োৱাৰ উদেশ্যে পৰিবহণ বিভাগৰ উদ্যোগত চলিত মাৰ্চ মাহতো বিশেষ জনসেৱা মাহ হিচাপে পালন কৰি থকা হৈছে। জনসেৱা মাহৰ যোৱা দুটা সপ্তাহত বিভিন্ন শ্ৰেণীৰ বাহনৰ কেইবা সহস্ৰাধিক ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ অন্তত কাইলৈ অৰ্থাৎ ১৫ মাৰ্চৰ পৰা ৩১মাৰ্চলৈ “বিশেষ জনসেৱা পষেক” পালন কৰি গৰাকীৰ ঘৰে ঘৰে উপস্থিত হৈ যানবাহন বিষয়ক সমস্যাৰ ঠিতাতে সমাধান কৰিব। এই সন্দৰ্ভত ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে, বিগত সময়ত ৰাজ্যৰ পৰিবহণ বিভাগত প্ৰায় সকলোবোৰ সেৱা সংস্পৰ্শ বিহীনভাৱে গ্ৰাহকক উপলব্ধি কৰোৱাৰ পিছত স্বাভাবিকতেই সকলো শ্ৰেণীৰ যান-বাহনৰ গৰাকী উপকৃত হৈছে৷
অবিশ্বাস্যভাৱে এই সুবিধা লাভ কৰাত সময় ৰাহি হোৱাৰ উপৰি বাহনৰ গৰাকীসকলে আৰ্থিকভাৱেও সকাহ পাইছে। কিন্তু বিভিন্ন কাৰিকৰী অসুবিধা, অজ্ঞতাৰ বাবে ঘৰতে বহি অনলাইনযোগে এনে সা-সুবিধা লাভৰ ক্ষেত্ৰতো বহুতো লোক অপাৰগ হোৱা বুলি জানিব পৰা যায়। ইফালে সময়মতে বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ কৰকাটল পৰিশোধ কৰিব নোৱাৰা বাবেও বহুতেই বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰাখিব পৰা নাই। এইবোৰ গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগৰ দল বাহনৰ মালিকৰ ঘৰত উপস্থিত হৈ তাৎক্ষণিকভাৱে সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিছে।
“বিশেষ জনসেৱা পষেক”ৰ সময়ত সকলো শ্ৰেণীৰ বাহনৰ মালিক, আনকি উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মানকাৰী সংস্থা আদিয়েও নিজৰ নিজৰ অসুবিধাসমূহ অৱগত কৰা মাত্ৰকে পৰিবহণ বিভাগৰ বিশেষ সহায়কাৰী বিষয়াৰ দল উপস্থিত হ’ব। এই বিশেষ জনসেৱা পষেকত বাহনৰ বীমা, ফিটনেছ, পাৰ্মিট, প্ৰদূষণ আৰু বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধৰ প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰি দিয়া হ’ব। ইয়াৰ বাবে পৰিবহণ বিভাগে ৯১২৭২-০৬৮০৩, ৮০১১৩-৩৩০১৩, ৮৮২২৭-৫৫৭৩৮, ৮০১১৫-৭৮৩৯৯ নম্বৰত ৰাতিপুৱা ৯.৩০বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। বাহনৰ গৰাকীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে একোটা নিদিষ্ট অঞ্চলবিশেষে বিভাগৰ সহায়কাৰী বিষয়াৰ দল উপস্থিত হ’ব। এই ব্যতিক্ৰমী পদক্ষেপৰ জড়িয়তে যানবাহন ব্যৱহাৰকাৰীৰ সৈতে পৰিবহণ বিভাগৰ সম্পৰ্ক ওচৰ চপাই আনি সকলোৰে সহযোগত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লগতে ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা অব্যাহত ৰখাৰ অৰ্থে ব্যাপক জনসচেতনতা গঢ়ি তোলা হ’ব। এইক্ষেত্ৰত সকলো শ্ৰেণীৰ যানবাহনৰ গৰাকীৰ স্বতঃস্ফূৰ্ত সহযোগিতা কামনা কৰা হৈছে।