ফ্লাইবিগ বিমান সেৱাই ATR ৭২-৫০০ যোগ দি বৰ্তমান ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰিছে। ফ্লাইবিগে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল, অসম আৰু ত্ৰিপুৰাত সপ্তাহত প্ৰতিটো দিনেই বিমান চলাচল কৰিব। বৰ্তমান কলকাতাকে ধৰি ৮ খন চহৰত ফ্লাইবিগে সপ্তাহত 8 দিন বিমান সেৱা দি আহিছে। ফ্লাইবিগ এয়াৰলাইনে যথেষ্ট সুলভ মূল্যত বিমান ভ্ৰমণৰ সুবিধা দিয়াত উত্তৰ-পূবৰ বিমান যাত্ৰীসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰা দেখা গৈছে।
আজি ফ্লাইবিগৰ উজ্জ্বল ফুচিয়া লিভাৰী এটিআৰ ৭২-৫০০ বিমানখনে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হায়দৰাবাদৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উৰা মাৰে। প্ৰথমবাৰৰ বাবে, এয়াৰলাইন এ অনলাইন ট্ৰেভেল এজেণ্ট (GSA) প্লেটফৰ্মৰ (OTA) সৈতে GSA ব্যৱস্থা এটা চুক্তিবদ্ধ কৰিছে। ফ্লাইবিগে জানুৱাৰী ২০২২ত EaseMyTrip সৈতে সংযুক্ত হোৱাৰ কথা ঘোষণা কৰিছিল।
শেহতীয়াকৈ ই IRCTC সৈতে ‘দেখো অপনা দেশ’ৰ অধীনত চুক্তিবদ্ধ হৈ যাত্ৰীসকলক IRCTC পৰ্টেলৰ পৰা বিমান টিকট বুক কৰাৰ সুযোগ দিছে। ফ্লাইবিগ বিমান শোহতীয়াকৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ “উদানৰ চেম্পিয়ন” বঁটা লাভ কৰিবলৈও সক্ষম হোৱা হৈছে।
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত কেপ্টেইন সঞ্জয় মাণ্ডাভিয়া, চিএমডি উপস্থিত থকা অনুষ্ঠানটিত কেপ্টেইন সঞ্জয় মাণ্ডাভিয়াই কয়, ‘ফ্লাইবিগ ফ্লীটত ৭২-৫০০ নতুন বিমানৰ আগমনে ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহত আমাৰ বিমান সংযোগ বৃদ্ধি কৰিব। লগতে তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৌন্দৰ্য উপভোগ আৰু ইয়াত পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আছে আৰু ভাৰতৰ পৰা অধিক সংখ্যক লোকে প্ৰাচীন সৌন্দৰ্য উপভোগ কৰিব বিচাৰে’।
তেওঁ লগতে জানিবলৈ দিয়ে যে, বৰ্তমান উত্তৰ-পূব- অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ তিনিখন ৰাজ্যত ৭ খন চহৰ ডিব্ৰুগড়, গুৱাহাটী, লীলাবাৰী, ৰূপচি, পাছিঘাট, তেজু আৰু আগৰতলা সামৰি ফ্লাইবিগ বৰ্তমানে সেৱা প্ৰদান কৰেl