গ্ৰামাঞ্চলৰ জনজাতীয় মহিলাসকলক স্বাৱলম্বনৰ দিশে আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰীৰ বন ধন যোজনাৰ অধীনত জনজাতীয় মহিলাসকলৰ দ্বাৰা তৈয়াৰ কৰা হস্তনিৰ্মিত সামগ্ৰী তথা তেওঁলোকৰ কৰ্ম পদ্ধতি পৰিদৰ্শন কৰাৰ উদ্দেশ্যেৰে ৰবিবাৰে সোণাপুৰৰ খৰিকটীয়াত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ জনজাতীয় মন্ত্ৰণালয়ৰ অধীনস্থ ট্ৰাইফেডৰ অধ্যক্ষ ৰামছিন ৰাঠোৱা।
উল্লেখ্য যে সমগ্ৰ ৰাজ্যত ৩০২ টা বন ধন বিকাশ কেন্দ্ৰ আছে। য’ত গ্ৰামাঞ্চলৰ জনজাতীয় মহিলাসকলক উন্নত পদ্ধতিৰে বিভিন্ন ধৰণৰ হস্তশিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী এখন বজাৰ দি স্বাৱলম্বনৰ দিশত চেষ্টা চলাই আছে এই বন ধন যোজনাৰ জড়িয়তে।
ইয়াৰে সোণাপুৰৰ খৰিকটিয়াত থকা বন ধন কেন্দ্ৰটোত আজি ট্ৰাইফেডৰ অধ্যক্ষগৰাকী উপস্থিত হৈ জনজাতীয় মহিলাসকলৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰি মহিলাসকলৰ সৈতে মত-বিনিময় কৰি পৰৱৰ্তী দিনত জনজাতীয় মহিলাসকল আগবাঢ়ি যোৱাত তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে।