পেগাছাছ কাণ্ডক লৈ উত্তপ্ত হৈ আছে সংসদৰ বৰ্ষাকালীন অধিৱেশন।
ইয়াৰ মাজতে অভব্য আচৰণৰ বাবে অধ্যক্ষই সংসদৰ পৰা নিলম্বন কৰিলে তৃণমূলৰ সাংসদ শান্তনু সেনক।
বৃহস্পতিবাৰে শান্তনু সেনে কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ হাতৰ পৰা কাগজ টানি আনি ফালিছিল। সেই কাৰ্যৰ বাবে আজি সেনৰ বিৰুদ্ধে লোৱা হয় এই পদক্ষেপ।নিৰ্দেশমৰ্মে অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাত শান্তনু সেন উপস্থিত থাকিব নোৱাৰিব অধিৱেশনত।
উল্লেখ্য যে পেগাছাছ কাণ্ডৰ বাবে বৃহস্পতিবাৰেও উত্তপ্ত হৈছিল সদন।
তাৰ মাজতে কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিবৃতি প্ৰদান কৰিছিল।
সেই সময়তেই তৃণমূল কংগ্ৰেছৰ সাংসদ জনে কেন্দ্ৰীয় তথ্য মন্ত্ৰীগৰাকীৰ হাতৰ পৰা সেই বিবৃতি সম্বলিত কাগজ টানি ফালিছিল।