ৰাজ্যজুৰি চলি থকা শাৰদীয় দুৰ্গা পূজাৰ আনন্দ – উচাহৰ মাজতে ৰবিবাৰে নিশা গুৱাহাটীৰ পাৰ্শ্ববৰ্তী ৰাণীৰ অসম – মেঘালয় সীমান্তৰ সমীপৰ পাটহালধীয়াত গোপন সূত্ৰৰ পম খেদি বন বিভাগে চলোৱা এক অভিযানত এখন নাম্বাৰ প্লেট বিহীন চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ কৰা হয়। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি ৰাণীৰ আঞ্চলিক বন বিষয়া ৰ’জী বৰ্মনৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত মেঘালয়ৰ দিশৰ পৰা অহা এখন নাম্বাৰ প্লেট বিহীন ট্ৰাকত চোৰাংকৈ অনা অৱস্থাত পাটহালধীয়াত দুই লক্ষাধিক টকাৰ মূল্যৱান কাঠখিনী জব্দ কৰা হয়।
চোৰাংকৈ অনা কাঠখিনী ৰাণীৰ পৰা কিছু নিলগৰ ভোলাগাঁওৰ জনৈক আলী আৰু ৰাণীৰ পাটিল উপাধিৰ দূজন চোৰাং কাঠৰ ব্যৱসায়ৰ লগত জড়িত লোকেl দুজনে আনিছিল বুলি সন্দেহ কৰা হৈছে। ইফালে ৰাণী অঞ্চলৰ সচেতন লোক সকলে কৰা অভিযোগ অনুসৰি বন বিভাগৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয় আৰু খণ্ড বন বিষয়া কাৰ্যালয় সমূহৰ কিছু সংখ্যক বনকৰ্মী, ৰাণী সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বাস কৰা একাংশ লোকে এই কাঠ মাফিয়াক সহযোগ কৰি আহিছ। আনকি বন বিভাগে চোৰাং কাঠ ব্যৱসায়ী , বন ধ্বংসকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰো খবৰ এনে বনকৰ্মীয়ে আগতীয়াকৈ দিয়াৰ ফলত বন বিভাগৰ উচ্চপদস্থ বিষয়াই চলোৱা অভিযান মুৰকত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।