দুদিনীয়া ভাৰত বন্ধত স্তদ্ধ হৈ পৰিব দেশৰ বিত্তীয় লেন-দেন ব্যৱস্থা। চৰকাৰে ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰাকে ধৰি বিভিন্ন জনস্বাৰ্থবিৰোধী কাম-কাজৰ বিৰুদ্ধে কেন্দ্ৰীয় শ্ৰমিক ইউনিয়নে আহ্বান কৰা এই বন্ধৰ বাবে জীয়াতু ভুগিব সাধাৰণ লোকসকলে। আনফালে মাৰ্চ এণ্ডিঙৰ সময়চোৱাত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ এই প্ৰতিবাদে শলঠেকত পেলাব চৰকাৰকো। বহাগ বিহুৰ আগে আগে বিত্তীয় প্ৰতিষ্ঠানসমূহৰ এই ধৰ্মঘটে সাধাৰণ লোকৰ জীৱনতো ব্যাপক প্ৰভাৱ পেলাব।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱাখণ্ডৰ বেংকসহ বিত্তীয় প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ নীতি গ্ৰহণ কৰাৰ উপৰি বেংকিং আইন সংশোধন বিধেয়ক-২০২১ৰ তীব্ৰ বিৰোধিতাৰে সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংস্থাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বেংক কৰ্মচাৰী সংস্থাৰ কেইবাটাও প্ৰভাৱশালী সংস্থাই এই প্ৰতিবাদলৈ সমৰ্থন দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।
বীমা খণ্ডৰ কৰ্মচাৰীসকলেও এই প্ৰতিবাদলৈ সমৰ্থন ব্যক্ত কৰিছে। কেৱল বিত্তীয় প্ৰতিষ্ঠানেই নহয়, তীখা, তেল, কয়লা, টেলিকম, ডাক, আয়কৰ তাম খণ্ডইও এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে। অৱশ্যে এই ক্ষেত্ৰত SBI কৰ্তৃপক্ষ প্ৰতিবাদৰ পৰা বাহিৰত আছে। প্ৰতিষ্ঠানটো।