যুদ্ধভূমিৰ বাতৰি দিবলৈ গৈ ইউক্ৰেইনত নিহত দুই সাংবাদিক। ৫৫ বছৰীয়া পিয়েৰ জাকাৰজেৱেস্কি আৰু ওলেকচান্দ্ৰা চচা কুভশ্যেনোভা সোমবাৰে Fox News ৰ সাংবাদিক বেঞ্জামিন হলৰ সৈতে হোৰেংকলৈ যাত্ৰা কৰিছিল। কিন্তু, যাত্ৰাপথত তেওঁলোকৰ বাহনত জুই লাগে আৰু দুয়োগৰাকী সাংবাদিককে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সাংবাদিক বেঞ্জামিন হলে চিকিৎসালয়তে প্ৰাণ হেৰুৱাই ৷ নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া চুজান স্কটে মঙলবাৰে এক বিবৃতি যোগে Fox News মিডিয়া আৰু যুদ্ধভূমিৰ বাতৰি প্ৰদান কৰা সাংবাদিকসকলৰ বাবে এয়া এক হৃদয়বিদাৰক খবৰ বুলি মত পোষণ কৰে।
আনফালে, দেওবাৰৰ দিনটোতো যুদ্ধক্ষেত্ৰৰ কভাৰেজ দিয়া তথ্যচিত্ৰ নিৰ্মাতা ব্ৰেণ্ট ৰেনাউডৰ বাহনৰ ওপৰত কিয়েভৰ বাহিৰৰ ইৰপিনত গুলীচালনা কৰা হৈছিল। এই খবৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ লোকসকলক তথা যুদ্ধভূমিৰ খবৰ প্ৰদান কৰা সাংবাদিকসকলৰ ভয়াৱহ বিপদৰ সূচনা কৰে। PN আমেৰিকাৰ Free Expressions Program ৰ সঞ্চালক লোপেজে জনাই যে যুদ্ধভূমিত সাংবাদিকসকলৰ বিপদ দিনকদিনে বৃদ্ধি পাই আহিছে ৷
উল্লেখ্য যোগ্য যে, আইৰিছৰ নাগৰিক আৰু লণ্ডনৰ বাসিন্দা জাকাৰজেৱেস্কিয়ে Fox News ৰ বাবে আফগানিস্তান আৰু চিৰিয়াৰ সংঘৰ্ষৰো কভাৰেজ কৰিছিল । জাকাৰজেৱেস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰত্যাহাৰৰ পিছত ফক্সৰ ফ্ৰীলান্সাৰ আৰু তেওঁলোকৰ পৰিয়ালক আফগানিস্তানৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে আভ্যন্তৰীণ অখ্যাত নায়ক বঁটা লাভ কৰিছিল।