উত্তৰ প্ৰদেশৰ ইটাৱাস্থিত সিংহ ছাফাৰীটো ক’ৰোনা সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে।
সিংহ ছাফাৰীৰ এটা সিংহ ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত দুটা মাইকী সিংহও ক’ভিডত আক্ৰান্ত হৈছে।
দুয়োটা সিংহক আইছ’লেট কৰি চিকিৎসা আৰম্ভ কৰা হৈছে।
ইটাৱা ছাফাৰী পাৰ্কৰ নিৰ্দেশকে এই বিষয়ে জানিবলৈ দিয়ে।
আইবিআৰআইৰ সংযুক্ত নিৰ্দেশক ডাঃ কেপি সিঙে শুকুৰবাৰে কৈছিল যে, ইটাৱাৰ সিংহ ছাফাৰীৰ পৰা ১৪টা সিংহৰ ১৬টা নমুনা আইবিআৰআইৰ BSL-3 গৱেষণাগাৰত পৰীক্ষাৰ বাবে আহিছিল।
তেওঁ কয় যে, শীঘ্ৰে কানপুৰসহ অন্য চিৰিয়াখানাৰ পৰাও সিংহ, বাঘ আৰু অন্য বন্য জন্তুৰ নমুনা ক’ৰোনা পৰীক্ষাৰ বাবে আহিব।
Photo: Google