অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাত যোৱা ৫ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা অসমৰ ১৯ জন শ্ৰমিকৰ আৰু দুজনক দেওবাৰে উদ্ধাৰ কৰা হয়। অৰুণাচল প্ৰদেশৰ কুৰুংকুমে জিলাৰ দামিন ৰাজহ চক্ৰৰ বুলি আৰু কাপা বস্তিৰ মাজৰ ঘন অৰণ্যৰ পৰা স্থানীয় গাঁৱৰ উদ্ধাৰকাৰী অভিযানৰ দল এটাই এই দুজন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উদ্ধাৰ কৰা শ্ৰমিক দুজনৰ নাম খলিবুদ্দিন শ্বেইখ (২৭ বছৰ) আৰু ছামিদুল শ্বেইখ বুলি জানিব পৰা গৈছে। দুয়োজন শ্ৰমিকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়।
এই শ্ৰমিক দুজনৰ লগত একেলগে থকা আন ৪ জন শ্ৰমিকক তেওঁলোকে পাহাৰৰ মাজত এৰি থৈ অহা বুলি জানিবলৈ দিছে। স্থানীয় উদ্ধাৰকাৰী দলে দামিন অৰণ্যত থকা বিষাক্ত সাপৰ বাবে নিশাৰ ভাগৰ অভিযান বন্ধ ৰাখে। ১৯ জন শ্ৰমিকৰ দহজনক এই পৰ্যন্ত জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু আন তিনিজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। আন ছয়জন শ্ৰমিক এতিয়াও জংঘলৰ মাজতে আছে।