প্ৰকৃতিৰ জামাদাৰৰূপে পৰিচিত দুটাকৈ বিৰল হিমালয়ান গৃফন প্ৰজাতিৰ শগুণ আজি ৰাণী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ পৰা কিছু নিলগৰ অসম – মেঘালয় সীমান্তবৰ্তী বেলগুৰীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ চৌহদত আজি পুৱা কেন্দ্ৰটোৰ পৰিচালক শচীন পি ৰাণাদে আৰু ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ কেবাজনো বনকৰ্মী আৰু জ্যেষ্ঠ সাংবাদিক জোন ৰাভাৰ উপস্থিতিত এই শগুণ দুটা ৰাণী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়।
উল্লেখ্য যে বিগত ৮ মাহত কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ভিন্ন কাৰণত আঘাতপ্ৰাপ্ত হোৱা বা বেমাৰী গৰু চাগলী ভক্ষণ কৰি অসুস্থ হোৱা এই শগুণ সমুহক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি লগতে লালন-পালন কৰি ৮ মাহৰ অন্তত এনেদৰে মুক্ত কৰি দিয়া হয় বনাঞ্চলত।
উল্লেখ্য যে ২০০৭ চনত আৰম্ভ হোৱা ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰটোৱে এইবাৰ ১৭ বছৰত ভৰি দিছে। বৰ্তমানলৈ মুঠ বগাপিঠিয়া, লাহিধুটীয়া প্ৰজাতিৰ শগুণ পোৱালি কেন্দ্ৰটোত এই বছৰত জন্ম হৈছে ১৬ টা। ২০০৭ চনৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীলৈ লৈ এতিয়ালৈকে মুঠ ৭৫ টা পোৱালি জন্ম হয় হৈছে। আনহাতে কেন্দ্ৰটোত বৰ্তমান সৰু – ডাঙৰ মিলি মুঠ ১৪১ টা শগুণ আছে। সমান্তৰালভাবে কেন্দ্ৰটোত শগুণৰ ওপৰত গবেষণা কৰা আৰু পৰিচৰ্যা কৰাৰ বাবে আছে কেবাজনো গৱেষক আৰু কৰ্মচাৰী। আনকি সময়ে সময়ে দেশ – বিদেশৰ পৰাও শগুণৰ ওপৰত গৱেষণা কৰিবৰ বাবে কেন্দ্ৰলৈ আহে গৱেষক।