কোকৰাঝাৰৰ অভয়াখুটিঁৰ দুই কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা স্পষ্ট কৰে৷শুকুৰবাৰে কোকৰাঝাৰৰ অভয়াখুঁটি গাঁৱত সংঘটিত হৈছিল এই ঘটনা ৷চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দুই ভগ্নীৰ মৃতদেহ৷
কেইবাদিনো ধৰি অনুসন্ধান কৰাৰ পাছত এই কথা স্পষ্ট হৈছে।মৰণোত্তৰ পৰীক্ষাত এই জঘন্য ঘটনা পোৰলৈ আহে৷আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে অপৰাধীকেইজন৷৭জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
অভিযুক্তই ধৰ্ষণ কৰি এই ঘটনাক হত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।BTRৰ আই জি পিয়ে সমগ্ৰ তথ্য মুখ্যমন্ত্ৰীক অৱগত কৰিছে।