অৱশেষত অপহৃত অ’ এন জি চিৰ বিষয়া ৰিতুল শইকীয়াৰ অৱস্থিতি স্পষ্ট কৰিলে আলফা(স্বাধীন)য়ে। বিগত বহু দিন ধৰি সন্দেহৰ আৱৰ্তত আছিল বিষয়াগৰাকীৰ অৱস্থিতি।
কিন্তু আজি পৰেশ বৰুৱাই এক ব্যক্তিগত টেলিভিছন চেনেলৰ সাংবাদিকৰ সৈতে টেলিফোনযোগে যোগাযোগ কৰি শইকীয়া সুস্থ শৰীৰে আলফাৰ জিম্মাত আছে বুলি জানিবলৈ দিয়ে।
ভাৰতীয় সেনাই মন জিলাত চলোৱা অভিযানেৰে সকলোকে হত্যাৰ ষড়যন্ত্ৰ চলাইছিল বুলি অভিযোগ কৰে আলফাৰ সেনাধ্যক্ষজনে।
আনহাতে অ’ এন জি চি ৰ সৈতে আলোচনাৰ পিছতেই অভিযন্তাজনক মোকলাই দিয়াৰ সম্ভাৱনা ব্যক্ত কৰে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ জনে। তেওঁ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকা আশাব্যঞ্জক বুলি মত ব্যক্ত কৰে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আলফা (স্বা)য়ে এক ভুল প্ৰেছ বিবৃতি দিছিল, য’ত তেওঁলোকে প্ৰকাশ কৰিছিল যে, আলফা আৰু সামৰিক বাহিনীৰ মাজত চলা সংঘৰ্ষৰ ফলত ONGCৰ তিনিগৰাকী কৰ্মচাৰীৰ জীৱনৰ নিৰপত্তাৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ডৰ মন জিলাত গঞা ৰাইজৰ তত্বাৱধানত ৰাখি তেওঁলোক নিজৰ গন্তব্য স্থানলৈ অগ্ৰসৰ হৈছিল।
তাৰ পিছতেই আলফা (স্বা)য়ে অভিযোগ উত্থাপন কৰি কৈছিল যে ৰিতুল শইকীয়াৰ হয়তো মৃত্যু হৈছে নহ’লে সেনা-আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে লুকুৱাই ৰাখিছে বা সেনাৰ গুলীত নিহত হৈছে।
আলফা (স্বা)ৰ এই প্ৰেছ বিবৃতিৰ পিছতে জ্যেষ্ঠ আৰক্ষী বিষয়া জি পি সিঙে কৈছিল যে ৰিতুল শইকীয়া জীৱিত আছে। আলফাৰ এটা দলে ৰিতুল শইকীয়াক লগত লৈ ঘূৰি ফুৰিছে।
মন জিলাৰ বিভিন্ন স্থানত ঠাই সলনি কৰি ঘূৰি ফুৰিছে দলটো। আলফাৰ জিম্মাত থকা ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আহ্বানো জনাইছিল জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীয়ে।
কিন্তু এতিয়া পুনৰ মুখ সলনি কৰিলে আলফাই। তেওঁলোকৰ জিম্মাত ৰিতুল শইকীয়া নাই বুলি ভুল বিবৃতি দিয়াৰ পিছত পুনৰ এতিয়া স্থিতি স্পষ্ট কৰিলে আলফা(স্বাধীন)য়ে।
Photo: Google