সশস্ত্ৰ উগ্ৰপন্থী সেনানী পৰেশ বৰুৱাৰ নেতৃত্বত আলফা স্বাধীনে ১৪ মে’ত এখন বিবৃতি পত্ৰ প্ৰকাশ কৰিছে ৷
বিবৃতি পত্ৰখনত স্পষ্টভাৱে অ’এনজিচি আৰু অইল ইণ্ডিয়া লিমিটেডক তেওঁলোকৰ কিছুমান চৰ্ত পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
তলত উল্লেখ কৰা হৈছে ONGC আৰু OILলৈ আলফা(স্বাধীন)য়ে দিয়া ৭টা চৰ্ত-
চৰ্ত ১- জন্মলগ্নৰ পৰাই এই প্ৰতিষ্ঠানকেইটাৰ অসমৰ সম্পদ কিমান নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰক।
চৰ্ত ২- এই প্ৰতিষ্ঠানকেইটাৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰক।
চৰ্ত ৩- এই প্ৰতিষ্ঠানকেইটাৰ চাকৰি মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই অনুষ্ঠিত হওক ৷ চাকৰিৰ ৯৫% কেৱল থলগিৰি মানুহৰ বাবে সংৰক্ষিত কৰিব লাগিব।
চৰ্ত ৪- উপৰোক্ত প্ৰতিষ্ঠানকেইটাত চাকৰি নিয়োগৰ ক্ষেত্ৰত এক অসাধু গোষ্ঠী (ইয়াত থলগিৰি মানুহো জড়িত আছে)য়ে ক’লা বজাৰ চলাই আছে ৷ য’ত একোটা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পচিশৰ পৰা ত্ৰিশ লাখ টকা উৎকোচ লোৱা হয় ৷ ৮০%তকৈ অধিক চাকৰিৰ নিয়োগ অনৈতিক পথেৰে চলি আছে ৷ গতিকে এই অসাধু গোষ্ঠী উৎখাত কৰি চাকৰি নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰক ৷
চৰ্ত ৫- ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক ৷
চৰ্ত ৬- অসমৰ গাঁওসমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছৰ যোগানৰ ব্যৱস্থা কৰক ৷ অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাটো সুনিশ্চিত কৰক ৷
চৰ্ত ৭- উল্লিখিত প্ৰতিষ্ঠান কেইটাই অসমৰ বিভিন্ন দল সংগঠনক উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ দান-বৰঙণি আগবঢ়োৱাৰ বিপৰীতে অসমৰ সামগ্ৰী বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্ৰত্যক্ষভাৱে বছৰি ৫ কোটি টকাকৈ আগবঢ়াব লাগিব৷
এই ৭টা চৰ্ত উত্থাপন কৰি আলফাই অ’এনজিচি আৰু অইল ইণ্ডিয়া লিমিটেডৰ পৰা দাবী পালন কৰাৰ প্ৰতিশ্ৰুতি বিচাৰিছে ৷
আৰু লগতে এইটোও কৈছে যে এই দাবী কেইটা মানি চলিলে অনাগত দিনত সংগঠনটোৱে প্ৰতিষ্ঠানকেইটাৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ সামৰিক অভিযান বিৰত ৰাখিব ৷
এই দাবী নামানিলে সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলিও ভাবুকি প্ৰদান কৰিছে উগ্ৰপন্থী সংগঠনটোৱে ৷
Photo: Headline8