কিছুদিন পূৰ্বে স্বাস্থ্যজনিত কাৰণত আলফাৰ পৰা অব্যাহতি লৈ অসমত প্ৰৱেশ কৰা বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণ আক্ৰান্ত হৈছে ক’ভিড – ১৯ ত।
ধনদাবীৰ গোচৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই থকা আলফা নেতাজনৰ লগতে অন্য ৫২ গৰাকী কয়দীও আক্ৰান্ত হৈছে কোভিডত।
ইতিমধ্যেই নেতাজনক কাৰাগাৰৰ ভিতৰতে আছুতীয়াকৈ ৰখা হৈছে।আনহাতে চিকিৎসালয়ৰ সলনি কাৰাগাৰতেই মৰাণসহ সমূহ আক্ৰান্তক স্বাস্থ্যবিভাগে চিকিৎসা সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে,আলফাৰ প্ৰতিস্থাপক সদস্য জীৱন মৰাণৰ মূলসুঁতিলৈ প্ৰত্যাৱৰ্তনে আলফা- চৰকাৰৰ শান্তি আলোচনাক এক নতুন দিশ দিব বুলি বিভিন্ন মহলে আশা ব্যক্ত কৰিছিল।