বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্বক লৈ চলিছে হত্যাৰ ষড়যন্ত্ৰ। দিছপুৰ থানাই আটক কৰিছে আলফাৰ উপাধ্যক্ষ প্ৰদীপ গগৈক। সোমবাৰে নিশা হাতীগাঁৱৰ ঘৰৰ পৰা আটক কৰে গগৈক।
শীৰ্ষ আৰক্ষীৰ নিৰ্দেশত আটক কৰা হৈছে আলফাৰ উপাধ্যক্ষগৰাকীক।
https://twitter.com/NANDANPRATIM/status/1369179935508598784?s=20
বৰ্তমান ক্ৰাইম ব্ৰাঞ্চত জেৰা অব্যাহত প্ৰদীপ গগৈক।
দিছপুৰ থানাত খবৰ ল’বলৈ আহিছিল আলফা নেতা ৰাজু বৰুৱা।
আলফাৰ উপাধ্যক্ষগৰাকীক কিয় আটক কৰিলে সেই সন্দৰ্ভত আৰক্ষীয়ে কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই ৰাজু বৰুৱাক।
এই সন্দৰ্ভত আৰক্ষীয়ে এটা বিশেষ ফোন টেপিং লাভ কৰিছে।
ফোন টেপিঙত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
হিমন্ত বিশ্ব শৰ্মাৰ হত্যাৰ সন্দৰ্ভত ফোনযোগে কথা পাতিছিল।
বিশেষ সূত্ৰই জনোৱা অনুসৰি কাৰ্বি আংলঙৰ এজন যুৱকেৰ সৈতে প্ৰদীপ গগৈয়ে ফোনযোগে পাতিছিল এই কথা।
ফোন টেপিঙত এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছত দিছপুৰ আৰক্ষীয়ে আটক কৰিছে আলফাৰ উপাধ্যক্ষ প্ৰদীপ গগৈক।
Photo: Twitter