অসমৰ সাৰ্বভৌমত্ব দাবী কৰা ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত এটা সংগঠন।
১৯৭৯ চনত অসমৰ এক ৰাজনৈতিক অস্থিৰ পৰিবেশৰ দুৰ্বিপাকত জন্ম গ্ৰহণ কৰা সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা যি সময়ৰ সোঁতত পৰিৱৰ্তিত হ’ল আলফা স্বাধীনলৈ৷
পোন প্ৰথমে অসমৰ ৰাইজৰ সহানুভূতি আদায় কৰিবলৈ সমৰ্থ হোৱা আলফা বহুতৰ বাবে হৈ পৰিছিল এক আদৰ্শ ৷
অসমীয়াৰ স্বাভিমান ৰক্ষাৰ সেনানী হিচাপে পৰিগণিত হৈছিল তেওঁলোক ৷
সময় সলনি হয়৷ সলনি হয় চৰিত্ৰ ৷
আলফাৰ ক্ষেত্ৰতো একেটাই হ’ল ৷
মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সামৰিক শক্তি শিথিল হৈ পৰিল ৷
এজন এজনকৈ কেইবাজনো মুখ্য কেডাৰে যেতিয়া আত্মসমৰ্পণ কৰি ছালফালৈ পৰিৱৰ্তিত হ’ল তেতিয়া পৰেশ বৰুৱা যেন বয়সৰ লগে লগে সামৰিক শক্তিৰেও নিশকতীয়া হৈ পৰিল ৷
নিশকতীয়া হৈ পৰিল ধনবলৰ দ্বাৰাও ৷
নতুন শতাব্দীৰ অসমীয়া প্ৰজন্মৰ আগত প্ৰায় নিঃশ্চিহ্ন হোৱাৰ উপক্ৰম হ’ল আলফাৰ ৷
ভাৰত চৰকাৰৰ কেইবাটাও সামৰিক অপাৰেচনৰ দ্বাৰা ইতিমধ্যেই কঁকাল ভাগিছিল আলফাৰ ৷
হাজাৰ হওক অসমীয়া ডেকাৰ তেজ ৷ কঁকাল ভাগিও হালি নপৰা অসমীয়া ডেকাৰ তেজ৷ হতাশ হৈও ভাগি নপৰা অসমীয়া ডেকাৰ তেজ ৷
২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত কুইপৰ দুগৰাকী অভিযন্তাক অপহৰণ কৰি নিজৰ অস্তিত্বৰ উমান দিলে আলফাই ৷
তিনি মাহৰো অধিক সময় অভিযন্তা দুগৰাকীক আটক কৰি ৰাখি এক প্ৰকাৰ অসমবাসীৰ বিতুষ্টিৰ ভাগি হ’বলগীয়া হ’ল পৰেশ বৰুৱা নেতৃত্বাধীন আলফা ৷
আলফাৰ বাবে যদিও এয়া আছিল সামৰিক অভূত্থান, জনা মানুহে ভালদৰেই বুজি উঠিছিল যে এয়া সংকটৰ অস্তিত্বত পৰা আলফাৰ এখন নাটকৰ বাহিৰে আন একো নহয় ৷
অইল কোম্পানীৰ পৰা ধন দাবী কৰিও পুনৰ লজ্বানত কৰিলে অসমীয়াক বিশ্ববাসীৰ সন্মুখত৷
পুনৰ চলিত বৰ্ষৰ এপ্ৰিলত অ’এনজিচিৰ ৩জন কৰ্মচাৰী অপহৃত হ’ল ৷
আলফাৰ তৰফৰ পৰা কোনো স্পষ্টীকৰণ নাহিলেও সন্দেহৰ আঙুলি কিন্তু সকলোৱে আলফালৈয়ে টোৱালে ৷
ছ’চিয়েল মিডিয়াত সৰ্বত্ৰ প্ৰচাৰিত হ’ল ধিক্কাৰবাণী ৷
বিভিন্নজনৰ ঠাট্টা-উপলুঙাৰ পাত্ৰ হ’ল পৰেশ বৰুৱা ৷
শেহতীয়াকৈ দুজন অপহৃত অসম ৰাইফলছ আৰু ভাৰতীয় সেনাৰ দ্বাৰা উদ্ধাৰ হ’লেও আনজন অপহৃতৰ এতিয়ালৈ সন্ধান পোৱা নাই ৷
ব্যক্তি দুজনৰ উদ্ধাৰৰ পিছত এতিয়া পুনৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে যে আলফাৰ সৈন্যবলো হ্ৰাস পাইছে ৷
দ্ধাৰ নোহোৱা ব্যক্তিজনৰ পৰিয়ালে পৰেশ বৰুৱাক প্ৰাৰ্থনা কৰি তেওঁক মুকলি কৰি দিবলৈ আহ্বান জনাইছে৷
এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়, বিশ্বৰ সৰ্বত্ৰ মহামাৰীয়ে ছানি ধৰাৰ মুহূৰ্ততে পৰেশ বৰুৱাৰ আলফাই অসময়ত অপ্ৰাসংগিক কামেৰে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বিচাৰিছে নে স্বাধীন অসমৰ দাবীৰ স্বপ্নই এতিয়াও মতলীয়া কৰি ৰাখিছে আলফাবাহিনীক?
উদিত সূৰ্য কেৱল পতাকাতে আৱদ্ধ নে আলফাৰ শিবিৰতো হ’ব কেতিয়াবা জ্ঞানোদয়?
Photo: Google