দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আলফা (স্বাধীন)ৰ কবলৰ পৰা মুক্তি লাভ কৰিলে অ’ এন জি চি ৰ বিষয়া ৰিতুল শইকীয়াই। নানান জল্পনা- কল্পনাৰ অন্তত তেওঁক আজি পুৱাৰ ভাগতে নিষিদ্ধঘোষিত সংগঠনটোৱে নাগালেণ্ড- ম্যানমাৰ সীমান্তৱৰ্তী মন জিলাত মুক্ত কৰি দিয়ে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বৃহস্পতিবাৰে এক সংবাদমেলযোগে শইকীয়াক মোকলাই দিবলৈ আলফা (স্বাধীন)ক আহ্বান জনোৱাৰ পিছতেই সংগঠনটোৱে অপহৃত বিষয়াজনক মোকলাই দিয়ে।
তেওঁৰ মুক্তিত ৰিতুল শইকীয়াৰ পৰিয়ালে আনন্দ প্ৰকাশ কৰাৰ লগতে আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে।