নিশাৰ পৰা আৰম্ভ হোৱা এজাক নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান জলমগ্ন মহানগৰীৰ বিভিন্ন স্থান। ৰাজপথ, পদপথ সকলো একাকাকাৰ হৈ পৰিছে কৃত্ৰিম বানৰ ফলত।
গেলা পানীৰে ভৰি পৰিছে মহানগৰীৰ ৰাজপথ। মহানগৰীৰ হাতীগাঁও, কাহিলিপাৰা, জুৰোড, অনিল নগৰ, নবীন নগৰ, চানমাৰি, ৰাজগড়কে ধৰি বিভিন্ন স্থান ইতিমধ্যে বুৰ গৈছে কৃত্ৰিম বানত।
যাৰ ফলত স্কুলীয়া শিক্ষাৰ্থী, অফিচলৈ যোৱা সকলো লোকে যমৰ যাতনা ভুগিবলগীয়াত পৰিছে। নিশা অহা মূষলধাৰ বৰষুণৰ পিছৰে পৰা কৃত্ৰিম বানৰ কবলত মহানগৰী। ইফালে মহানগৰীৰ বৰাগাঁৱত হোৱা ভূমিস্খলনত মৃত্যু হৈছে ৪জনকৈ লোকৰ ।