নিউজ ডেস্কঃ দেশত কৃষকসকলৰ আন্দোলন অব্যাহত হৈ থকাৰ মাজতে সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে সংসদত দাখিল কৰিলে সাধাৰণ বাজেট ৷
বাজেটত কৃষিখণ্ডক লৈ কৃষকসকলৰ বাবে বিত্ত মন্ত্ৰীগৰাকীয়ে ৭৫ হাজাৰ কোটি টকা ঘোষণা কৰিলে ৷
এই বাজেট ঘোষণা কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই ধন আবন্টনৰ ফলত ৪৩.৩৬ লাখ কৃষক লাভাম্বিত হ’ব ৷
লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে ২০১৩-১৪ বৰ্ষত কৃষকসকলৰ বাবে ধন আবন্টন হৈছিল ৯০ কোটি টকা ৷
২০২১-২২ বৰ্ষত সেই পৰিমাণ বৃদ্ধি পাই ২৫ হাজাৰ কোটি টকা হৈছে ৷ ইয়াৰোপৰি পশুপালকসকলৰ বাবে ৩০ হাজাৰ কোটি টকা আবন্টন কৰা হৈছে৷