নিউজ ডেস্কঃ ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিলে কেন্দ্ৰীয়মন্ত্ৰী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷
উল্লেখ্য, সংসদত প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিছে কাগজবিহীন বাজেট ৷
বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা গুৰুত্বপূৰ্ণ বাজেটত আছে কি কিঃ
১. ক’ৰোনাকালত ৫খন মিনি বাজেট ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ৷
২. ৮ কোটি লোকে বিনামূলীয়াকৈ গেছ লাভ কৰিছে ৷
৩. ১০০ খনৰো অধিক দেশক ভাৰতে ক’ভিড ভেকচিন প্ৰদান কৰিব ৷
৪. আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ২৭.১ লাখ কোটিৰ পুঁজি ৷
৫. ৮০ কোটি লোকে বিনামূলীয়া ৰেচন লাভ কৰিব ৷
৬. জিডিপি(GDP) ১৩ শতাংশ আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আবণ্টন ৷
৭. ৰাজহুৱা বাছসেৱাৰ বাবে ১৮ হাজাৰ কোটি টকা ধাৰ্য ৷
৮. বিত্তীয় ঘাটি ৬.৮ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য ৷
৯. পুৰণি বাহনৰ বাবে শীঘ্ৰেই স্ক্ৰেপ আঁচনি ৷
১০. ৬ বছৰত খৰচ কৰিব ৬১ হাজাৰ কোটি টকা ৷
১১. বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ২ হাজাৰ ২১৭ কোটি টকা আবণ্টন ৷
১২. স্বাস্থ্যখণ্ডৰ বাবে ২.২৩ লাখ কোটি টকা ধাৰ্য ৷
১৩. বিগত বৰ্ষতকৈ ১৩৭% বৃহৎ স্বাস্থ্য বাজেট ঘোষণা ৷
১৪. ৮ হাজাৰ ৫০০ কিঃমিঃ ঘাইপথ নিৰ্মাণৰ বাবে ১৯ হাজাৰ কোটি টকা ধাৰ্য ৷
১৫. অতি শীঘ্ৰে নিৰ্মাণ কৰা হ’ব দেশত নেচনেল ইনষ্টিটিউট অৱ হেল্থ ৷
১৬. অসমত NH নিৰ্মাণৰ বাবে ১৯ হাজাৰ কোটি টকা ধাৰ্য ৷