দেশত ক’ৰোনা সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
ভিন্ন জন আক্ৰান্ত হৈ পৰিছে ক’ৰোনাত।
আজি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আক্ৰান্ত হৈছে ক’ৰোনাত।
এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্রীয় শিক্ষা মন্ত্ৰী গৰাকীয়ে।
This is to inform you all that I have tested COVID positive today. I am taking medication & treatment as per the advice of my doctors.
Request all those who have come in my contact recently to be observant, and get themselves tested.— Dr. Ramesh Pokhriyal Nishank ( Modi Ka Parivar) (@DrRPNishank) April 21, 2021
তেওঁ জনায় যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ চিকিৎসা লৈ আছে।
লগতে এইকেইদিনত যিসকল লোকে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সংস্পৰ্শলৈ আহিছিল অতি শীঘ্ৰে সকলো লোককে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।
লগতে সকলোকে ক’ৰোনা সম্বন্ধীয় নীতি নিয়ম পালন কৰিবলৈ অনুৰোধ জনাইছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে।
Photo Credit:Google