বৃহস্পতিবাৰে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে আৰক্ষীৰ সন্মূখত হাজিৰ হোৱাৰ সম্ভাৱনা প্ৰকট। কেন্দ্ৰীয় মন্ত্ৰী ৰাণে জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়াইছিল। তাৰ পিছতে তেওঁৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন সৰৱ হোৱা দেখা গৈছিল। ৰাণেৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা কৰিছিল।
অৱশ্যে, গ্ৰেপ্তাৰৰ পিছতে ৰাণেৰ জামিন মঞ্জুৰ কৰা হৈছিল। ৰাণেৰ বিৰুদ্ধে নাছিক, পুনেকে ধৰি মুঠ ৪ খন চহৰত এজাহাৰ দাখিল হৈছিল।
কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই পূৰ্বেও শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত আৰু বিনায়ক ৰাউতকৰ বিৰুদ্ধেও আপত্তিজনক মন্তব্য আগৱঢ়াইছিল।