ৰাজপথত বিপদমুক্ত অৰ্থাৎ সুৰক্ষিত যাতায়ত ব্যৱস্থা এটা গঢ়ি তোলাৰ বাবে যেন অধিকাংশ বাহনৰ গৰাকীৰে নাই সামান্যতমো সচেতনতা আৰু দায়িত্ববোধ। ব্যৱসায়িক বাহনৰ কথা বাদ দিলেও যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত স্বয়ং গুৱাহাটী মহানগৰীৰ বহু স্কুলবাছ আৰু চিটিবাছে আজিও চূড়ান্ত কৰফাঁকি আৰু নথিপত্ৰৰ নানান বিসঙ্গতিৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য যাত্ৰীৰ জীৱনকলৈ হেতালি খেলা অমনোযোগী আৰু গৰ্হিত কাৰ্যই সকলোৰে চকু কপালত তুলিছে। যান-বাহনৰ নথিপত্ৰ নৱীকৰণকে ধৰি বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চলোৱা তালাচীত শেহতীয়াকৈ জব্দ হোৱা বাহনৰ পৰিসংখ্যাই যেন এই কথাকে প্ৰমাণ কৰে৷
আনহাতে, মহানগৰীত এতিয়াও ৭০ কোটিৰো অধিক যান-বাহন কৰ আদায় দিবলগীয়াৰ তালিকাত ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন বাহনৰ লগতে চিটিবাছ আৰু স্কুলবাছৰ সংখ্যাও মনকৰিবলগীয়া৷ যোৱা কেইদিনৰ দৰে বুধবাৰেও মহানগৰীৰ চানমাৰি, পানীখাইটি, বোন্দা, বৰবাৰী, সৰুসজাই, সোনাপুৰ, চন্দ্ৰপুৰ আদি বৃহৎ অঞ্চলৰ ৰাজপথত অকতৃত্বশীল বাহনৰ বিৰুদ্ধে অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰৰ উপস্থিতিত প্ৰৱৰ্তক পৰিদৰ্শকৰ লগতে সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকৰ দলসহ বিভাগৰ বিভিন্ন বিষয়া-কৰ্মী কেইবাটাও ভাগত বিভক্ত গুৰুত্বপূৰ্ণ স্থানসমূহতত ১০০০ৰো অধিক বাহনত তন্নতন্নকৈ তালাচী চলায়।
তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যান-বাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত ধৰা পৰা বিভিন্ন বিসঙ্গতিত ২৩০ৰো অধিক বাহনৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত ঠিতাতে গোচৰ ৰুজু কৰি দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগত ৫০খনৰো অধিক বাহন জব্দ কৰে৷ কৰ অনাদায়কাৰী বাহনৰ বিৰুদ্ধে চলোৱা তালাচীৰ সময়ত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰায় প্ৰতিখন বাহনৰে গৰাকী আৰু চালকৰ ওচৰলৈ গৈ সকলোকে অতি বিনয়েৰে এই কথা বুজাবলৈ চেষ্টা কৰে যে সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰৰ ৰাজপথত এটা সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ হ’লে প্ৰতিজন গৰাকীয়ে যানবাহনৰ নথিপত্ৰ নৱীকৰণ কৰি ৰখাৰ লগতে বকেয়াসহ সকলো কৰ পৰিশোধ কৰি বাহনৰ বীমা কোম্পানীৰ ওচৰত সম্পূৰ্ণ বৈধ হৈ থাকিব লাগিব। সেয়ে তেওঁ যানবাহনৰ কৰ অনাদায়কাৰীক ৩১ মাৰ্চৰ ভিতৰত কৰ পৰিশোধ কৰি গধুৰ বোজাৰ পৰা হাত সাৰি থাকি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়৷